ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দুদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া ভ্রমণসূচীৰে আজি কিছু সময়ৰ আগতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত কাইলৈ হ’বলগীয়া এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব।

শ্ৰীশ্বাহে কাইলৈ খানাপাৰা খেলপথাৰত হ’বলগীয়া পঞ্চায়ত প্রতিনিধি সন্মিলনৰ পৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছং যৌথ সংগ্রাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো শীর্ষ নেতা উপস্থিত থাকিব। প্রায় ২০ হাজাৰ নিৰ্বাচিত জনপ্রতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, ডিমা হাছাওকে ধৰি পৰিষদসমূহৰ নিৰ্বাচিত প্রতিনিধিসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। সন্মিলনৰ পূৰ্বে শ্ৰীশ্বাহে অসম ৰাজভৱনৰ নতুন গৃহ উদ্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।