ডাউনলোড
মোবাইল এপ

android apple
signal

May 28, 2025 9:27 PM | PM Visit

printer

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ প্রধানমন্ত্ৰীৰ ছিকিম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে চিকিম, পশ্চিমবংগ, বিহাৰ, আৰু উত্তৰ প্ৰদেশ ভ্ৰমণলৈ ৰাওনা হ’ব। এই ভ্রমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে ৭০ হাজাৰ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও বহুমুখী উন্নয়নমুলক প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে কেইবাটাও প্রকল্প উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।
চিকিমত প্রধানমন্ত্ৰীগৰাকীয়ে Sikkim@50 অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ ৰাজ্যখনৰ বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে উন্মোচনো কৰিব। প্রধানমন্ত্রী শ্রীমোদীয়ে চিকিমত এখন জনসভাতো ভাষণ দিব। এই প্রকল্পসমূহৰ ভিতৰত চিকিমৰ নামাজি জিলাত স্থাপন কৰা ৭৫০ কোটি টকা ব্যয় সাপেক্ষ ৫০০ বিচনাযুক্ত নতুন জিলা হাস্পতাল, চাংগাচোৱেলিঙত নিৰ্মিত এটা ৰজ্জুপথ, চাংখুলাৰ অটল অমৃত উদ্যানত প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি অন্যতম। প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে চিকিম ৰাজ্যৰ ৫০ সংখ্যক প্রতিষ্ঠা বর্ষ উপলক্ষে স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগ ভ্ৰমণলৈ যাব। তাত তেওঁ আলিপুৰ দুৱাৰৰ কোচবেহাৰ জিলাত নগৰ গেছ বিতৰণ প্ৰকল্পৰ শিলান্যাস কৰিব। এই প্ৰকল্পটো এহেজাৰ ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰ ভ্ৰমণলৈ যাব আৰু তাত তেওঁ পাটনা বিমান বন্দৰত নতুন টার্মিনেল ভৱন উদ্বোধন কৰিব।
পৰহিলৈ শ্ৰীমোদীয়ে বিহাৰৰ কাৰাকটত ৪০ হাজাৰ ৫২০ কোটি টকা ব্যয় সাপেক্ষে বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। তেওঁ তাত এখন জনসভাতো অংশগ্রহণ কৰিব। উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০ হাজাৰ ৯০০ কোটি টকা ব্যয় সাপেক্ষ বহুমুখী উন্নয়নমুলক প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে উদ্বোধনো কৰিব। উত্তৰ প্ৰদেশত শ্রীমোদীয়ে এখন জনসভাতো অংশগ্ৰহণ কৰাৰ কথা।

অধিক পঢ়ক

সকলো চাওক