ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 20, 2024 7:05 PM | Sarbanada sonowal

printer

দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ আজি সামৰণি

বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলাৰ কাকপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আজি বীৰগৰাকীৰ জীৱনগাঁথাক লৈ প্ৰকাশ কৰা স্মৰণিকা- বীৰ ৰাঘৱ উন্মোচন কৰে ডুমডুমা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড০ প্ৰাণজিৎ শ‍ইকীয়াই। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়কসকল-বলীন চেতীয়া, সুৰেন ফুকন, ৰূপেশ গোৱালা, ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।