December 15, 2025 1:39 PM | PM Modi visit in Assam

printer

দুদিনীয়া কাৰ্যসূচীৰে অহা ২০ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নির্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্ত-গাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ-বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। এক্ট-ইষ্ট নীতিৰ অংশ হিচাপে নিৰ্মাণ কৰা এই অত্যাধুনিক বিমান বন্দৰ টার্মিনেলে বছৰি ১ কোটি ৩১ লাখ যাত্ৰীক সেৱা আগবঢ়াব। প্রধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলে যাৱতীয় প্রস্তুতি গঢ়ি তুলিছে। প্রধানমন্ত্রী মোদীয়ে অহা ২১ ডিচেম্বৰত নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে নামৰূপত এখন জনসভাতো অংশ ল’ব। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি প্রধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। তেওঁ লগতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক আৰু বিভাগীয় বিষয়াৰ সৈতে এখন পর্যালোচনা সভাতো ভাগ লয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পোৰচেন লিমিটেডৰ বৰ্তমানৰ চৌহদত ১০ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব। তেওঁ ইয়াৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শলাগ লয় ।
শ্ৰীসোণোৱালে নামৰূপত নিৰ্মাণ হ’বলগীয়া সাৰ নগৰী বৰনামঘৰ চৌহদৰ পকী দেৱাল নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰে। অসম চৰকাৰৰ বিশেষ পুঁজিৰে এই দেৱাল নিৰ্মাণ কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নামঘৰত সেৱা লৈ ৰাজ্যবাসীৰ কুশল কামনা কৰাৰ লগতে জনসাধাৰণৰ সৈতে মত-বিনিময় কৰে। শ্ৰীসোণোৱালক সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ আৰু ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি কেইবাগৰাকী বিষয়াই সংগ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।