দুদিনীয়া ওমান ভ্রমণসূচীৰে মাচকাটত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ওমান ভ্রমণসূচীৰে কালি সন্ধিয়া মাচকাটত উপস্থিত হৈছে। ত্রিদেশীয় ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীমোদী ওমানলৈ গৈছে। ইয়াৰ পূৰ্বে তেওঁ জর্দান আৰু ইথিউপিয়ালৈ গৈছিল। মাচকাট বিমান বন্দৰত শ্ৰীমোদীক ওমানৰ উপ প্রধানমন্ত্ৰী চৈয়দ শ্বিহাব বিন তাৰিক অল ছাইদে আদৰণি জনায়। দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু ওমানৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে কৌশলগত অংশীদাৰিত্ব আগুৱাই নিয়া সন্দৰ্ভত আলোচনা কৰে। ওমানৰ ৰজা চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণ মর্মে প্রধানমন্ত্ৰী বন্ধু ৰাষ্ট্ৰখনলৈ গৈছে। আজি ভাৰত আৰু ওমানৰ মাজত ব্যাপক অর্থনৈতিক অংশদাৰিত্ব চুক্তি স্বাক্ষৰিত হ’ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেল আৰু ওমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী কুৱেইছ অল ইউছুফৰ উপস্থিতি ওমানৰ ৰজা আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই চুক্তিত স্বাক্ষৰ কৰিব। সামাজিক মাধ্যমৰ বাৰ্তাত শ্রীমোদীয়ে কয় যে, ভাৰতৰ সৈতে ওমানৰ ঐতিহাসিক সম্পর্ক আছে। তেওঁ কয়, তেওঁৰ এই ভ্রমণে সহযোগিতাৰ নতুন দিশ অন্বেষণৰ লগতে উভয় দেশৰ মাজৰ অংশীদাৰিত্বক ত্বৰান্বিত কৰাৰ প্ৰদানৰ সুযোগ প্ৰদান কৰিব।