দুগ্ধ উৎপাদন খণ্ডত অহা ৫ বছৰত পশুপালকসকলৰ আয় ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণৰ কথা প্ৰকাশ কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহৰ

চৰকাৰে দুগ্ধ উৎপাদন খণ্ডত বৃত্তাকাৰ অৰ্থনীতিৰ আৰ্হি ৰূপায়ণ কৰি অহা পাঁচ বছৰত পশুপালকসকলৰ আয় ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ ছনাদৰত আজি বনাছ ডেইৰীৰ বায়’ চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন আৰু অত্যাধুনিক ১৫০ টি ডি পি পাউডাৰ গাখীৰ তথা শিশু আহাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয় এইদৰে প্ৰকাশ কৰে। বনাছ ডেইৰীয়ে প্ৰত্যাখাৰ অর্থনীতি সফলভাৱে ৰূপায়ণ কৰা বুল উল্লেখ কৰি শ্ৰী শ্বাহে কয়, যে চৰকাৰে সমগ্ৰ দেশৰ ডেইৰী প্ৰতিষ্ঠানসমূহত এই আৰ্হি প্ৰয়োগ কৰাৰ বাবে কাম কৰি আছে। ৰাষ্ট্ৰীয় গোকুল অভিযান পশু পালন আন্তঃগাঁথনি ৰাষ্ট্ৰীয় জীৱ-জন্তুৰ ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী আৰু দুগ্ধ উৎপাদন খণ্ডত উন্নয়নত গুৰুত্ব আৰোপ কৰি দ্বিতীয় শ্বেত বিপ্লৱৰ সফলতা নিশ্চিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷