ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দীঘলীপুখুৰীপাৰৰ গছ নকটাকৈ উৰণ সেতু নিৰ্মাণ সম্পর্কে প্ৰতিবেদন দাখিল কৰিবলৈ লোক নিৰ্মাণ পথ বিভাগক মুখ্য সচিবৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে দীঘলীপুখুৰীৰ পশ্চিম আৰু পূব পাৰৰ পথ দুটা ব্যৱহাৰ নকৰাকৈ জি এন বি পথত উৰণ সেতু নিৰ্মাণৰ বিষয়টো সম্পৰ্কে আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব ড০ ৰবী কোটা আজি লোক নিৰ্মাণ পথ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন আলোচনাত মিলিত হয়। এই বৈঠকত দীঘলীপুখুৰীৰ আশে-পাশে থকা ঐতিহ্য বহনকাৰী গছসমূহ নকটাকৈ তথা জি এন বি পথৰ প্ৰস্তাৱিত উৰণ সেতুৰ যান-বাহনৰ চলাচল সম্পর্কে বিস্তৃতভাৱে উল্লেখ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ মুখ্য সচিবগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। অহা এসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত প্ৰস্তাৱ সংযোজন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ বহু পুৰণি গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে সচেতন ৰাইজে প্ৰতিবাদ কৰাৰ পাছতে ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিকল্প প্রস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনা মূল্যায়ন কৰাৰ বাবে লোকনির্মাণ বিভাগক কেইদিনমান সময় দিবলৈ সকলোকে আহ্বান জনাইছিল। তেওঁ লগতে ৰাজ্য চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ গুৱাহাটীৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশত গুৰুত্ব দি আহিছে বুলিও উল্লেখ কৰিছিল।