দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পাইছে

■ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱা বুলি ৱেলফেয়াৰ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সহযোগত বন বিভাগে কৰা জৰীপত প্ৰকাশ পাইছে। এই জৰীপ অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ সংখ্যা পূৰ্বৰ ১৯৬ৰ পৰা ৩৪৮লৈ বৃদ্ধি হৈছে। একেদৰে উদ্যানখনত ৮টাকৈ দুষ্প্রাপ্য বন মেকুৰীৰ অৱস্থিতিৰ কথা গম পোৱা গৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত পহু আৰু ধনেশ পক্ষীৰ সংখ্যাও বৃদ্ধি পাইছে। বন বিভাগে ২০০ৰো অধিক কেমেৰা সংস্থাপন কৰি এই জৰীপ চলাইছে। ডিগবৈ বন সংমণ্ডল প্রাধিকাৰীয়ে উদ্যানখনলৈ পৰ্যটকৰ আগমনো বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।