November 13, 2025 8:04 PM | 15 Arrested

printer

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ১৫জনক আটক

দিল্লী বোমা বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত বৰ্তমানলৈকে ১৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা এই ঘটনা সংক্রান্তত ৯জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে আপত্তিজনক মন্তব্য পোষ্ট কৰাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে সন্ত্রাসবাদী কার্যকলাপত সমৰ্থন কৰা নাইবা হিংসাক প্রশ্রয় দিয়াসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন স্থিতি গ্ৰহণ কৰিব।
হাইলাকান্দিত আজি সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। লোকজন ফৰিদউদ্দিন লস্কৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আমাৰ বৰপেটাৰ সংবাদদাতাই জনোৱা মতে এনে ধৰণৰ আপত্তিজনক মন্তব্যৰ অভিযোগত বৰপেটা ৰোড আৰক্ষীয়ে ৰকিবুল চুলতান নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।
দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুণীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰিবলগীয়া সামৰিক ঘাটিটোৰ পৰা সীমান্তৰ প্ৰতিৰক্ষাৰ প্ৰতিটো দিশ চোৱাচিতা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।