ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA-এ যোৱা মাহত সংঘটিত দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এন আই এয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ বাৰামুল্লাৰ ডাঃ বিলাল নাছিৰ মাল্লা এই গোচৰত গ্ৰেপ্তাৰ হোৱা অষ্টম অভিযুক্ত। দিল্লীৰ পৰা এন আই এৰ এটা দলে তেওঁক কৰায়ত্ত কৰে। সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে লালকিল্লা অঞ্চলত ১১ জন লোকৰ মৃত্যু আৰু কেইবাজনো লোক আহত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰত তেওঁ জড়িত বুলি ধৰা পেলায়।
এন আই এৰ তদন্ত অনুসৰি বিলালে জানি-বুজি আত্মঘাতী অভিযুক্ত উমৰ উন নবীক সহায় আগবঢ়াই আশ্রয় দিছিল। তেওঁৰ বিৰুদ্ধে সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত প্ৰমাণ ধ্বংস কৰাৰ অভিযোগো আছে।
Site Admin | December 10, 2025 11:59 AM | Akashvani | Akashvani News | Delhi Boom Blast | NIA
দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ সৈতে জড়িত আন এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ