ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লী বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ’ব

দিল্লী বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ’ব। দিল্লী সচিবালয়ে জনোৱা মতে দিল্লী বিধানসভাৰ তৃতীয় সত্ৰ কাইলৈ দুপৰীয়া ২ বজাত আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই সত্ৰৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, যে ৰাজধানী দিল্লীৰ বাবে এই সত্ৰই এটা সোণালী অধ্যায় ৰচিব কিয়নো এইবাৰ বিধানসভাৰ কাম-কাজসমূহ সম্পূর্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰা হ’ব।