দিল্লী বিধানসভাত ৫০০ কিল’ৱাট সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন

দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি দিল্লী বিধানসভাত ৫০০ কিল’ৱাট সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপে স্বচ্ছ শক্তি আৰু পৰিৱেশ বহনক্ষমতাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। অনুষ্ঠানত ভাষণ দি দিল্লীৰ উপ ৰাজ্যপালগৰাকীয়ে কয় যে দিল্লী চৰকাৰে সৌৰ শক্তিৰ পদক্ষেপসমূহৰ বিষয়ে সক্রিয়ভাৱে প্ৰচাৰ কৰি আছে। দিল্লী বিধানসভাক এক সুকীয়া ঐতিহ্যক্ষেত্র বুলি অভিহিত কৰি এই বিধানসভাই আমাক আমাৰ দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়ে বুলি শ্রী চাক্সেনাই মন্তব্য কৰে। এই প্ৰকল্পই বৰ্তমানৰ দিল্লী চৰকাৰৰ দূৰদৰ্শী দৃষ্টিভংগীৰ কথা প্ৰমাণ কৰে বুলিও তেওঁ লগতে উল্লেখ কৰে। এই পদক্ষেপে কেৱল প্ৰকল্প স্থাপনেই নহয় বৰঞ্চ উদ্ভাৱনৰ আৰম্ভণিৰ কথাও সূচায়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে দিল্লী চৰকাৰ স্বচ্ছ আৰু সেউজ দিল্লী গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসর্গিত। ৰাষ্ট্ৰীয় ৰাজধানীৰ বৰ্তমানৰ বিদ্যুৎ ব্যৱহাৰ আঠ হাজাৰ মেগাৱাট। এই চাহিদা পূৰণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে বুলি শ্ৰী গুপ্তাই উল্লেখ কৰি কয় যে ৫০০ কিল’ৱাটৰ এই সৌৰ শক্তি প্রকল্পই বিদ্যুতৰ খৰচ ১৫ লাখ টকা পৰ্যন্ত হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। এই ব্যয় হ্রাসে দিল্লীবাসীক উপকৃত কৰিব বুলি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।