দিল্লী চৰকাৰে ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত বিভিন্ন বিভাগত নাগৰিকৰ সুবিধা হোৱাকৈ ৭৫ টা ডিজিটেল সেৱা আৰম্ভ কৰিছে

দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই কৈছে যে দিল্লী চৰকাৰে ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত বিভিন্ন বিভাগত নাগৰিকৰ সুবিধা হোৱাকৈ ৭৫ টা ডিজিটেল সেৱা আৰম্ভ কৰিছে। আজি দিল্লী বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণি ভাষণত শ্ৰীচাক্সেনাই এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে চৰকাৰে ইজ অব্ ডুয়িং বিজনেছ বা ব্যৱসায়ৰ সুচলতাৰ বাবে গ্ৰহণ কৰা পদ্ধতিৰ অধীনত ব্যৱসায়ৰ পদ্ধতিসমূহ সৰল কৰি তোলা হৈছে। দিল্লীৰ সকলো চৰকাৰী কাৰ্যালয় ডিজিটাইজ কৰিবলৈ চৰকাৰে ই-কাৰ্যালয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত প্ৰশাসন ব্যৱস্থা নিকা আৰু সহজলভ্য হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, যে চৰকাৰে আন্তঃগাঁথনি শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়ন সাধনৰ বাবে ১ লাখ কোটি টকাৰ আবণ্টন দিছে। তেওঁৰ ভাষণত শ্ৰীচাক্সেনাই স্বাস্থ্য খণ্ডত লাভ কৰা অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ ৰাজধানী চহৰখনত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ছয় লাখৰো অধিক আয়ুষ্মান কার্ড জাৰি কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।