দিল্লী-এন চি আৰ বায়ুৰ গুণগত মান ব্যৱস্থাপনা আয়োগে কালি গাজিয়াবাদত বহনক্ষম পথ আৰ্হি আৰু ধূলি নিয়ন্ত্রণ অনুশীলন সন্দৰ্ভত আয়োজন কৰা দুদিনীয়া কৰ্মশালাৰ সামৰণি পৰে। এয়া হৈছে দিল্লী, গুৰুগ্ৰাম, ফৰিদাবাদ, চ’নিপট, নয়দা, বৃহত্তৰ নয়দা,গাজিয়াবাদ,ভিৱাৰী আৰু নিমৰাণাকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ অন্তৰ্ভুক্ত নখন চহৰৰ বাবে পৰিকল্পনা কৰা কৰ্মশালাৰ প্ৰথমটো শৃংখলা। এই কৰ্মশালাত চৰকাৰী বিষয়া, বিধিবলৱৎকাৰী সংস্থা, অভিযন্তা আৰু অন্যান্য সংশ্লিষ্ট অংশীদাৰীসকলে কাৰীকৰী সত্ৰ, বিষয়বস্তুৰ ৰূপৰেখা অংকন আৰু ব্যৱহাৰিক অনুশীলনত অংশগ্ৰহণ কৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কয়, যে অংশীদাৰীসকলকো বহনক্ষম পথ আৰ্হি, ধূলি নিয়ন্ত্ৰণ ব্যৱস্থা আৰু প্ৰকল্প প্ৰস্তুত আদি সন্দৰ্ভত প্রশিক্ষণ দিয়া হয়।
Site Admin | August 31, 2025 10:43 AM | AIR Quality Index Delhi NCR
দিল্লী-এন চি আৰ বায়ুৰ গুণগত মান ব্যৱস্থাপনা আয়োগৰ দুদিনীয়া কৰ্মশালাৰ সামৰণি