ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাতৰ লগতে ৫জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

■ দিল্লী আৰক্ষীৰ বিশেষ শাখাই সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাত কৰে আৰু বিভিন্ন ৰাজ্যৰ পৰা পাঁচজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত প্রমোদ সিং কুশ্বৱাহাই এই কথা প্ৰকাশ কৰি কয়, যে সন্ত্ৰাসবাদী কেইজনক দিল্লী, ঝাৰখণ্ড, তেলেংগানা আৰু মধ্য প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনৰ পৰা বিস্ফোৰক সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্রী উদ্ধাৰ কৰে বুলি অতিৰিক্ত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ঝাৰখণ্ডৰ ৰাঁচীৰ নিবাসী মূল অভিযুক্ত আছহাৰ দানিছে পাকিস্তানৰ হেণ্ডলাৰৰ সৈতে যোগাযোগত আছিল আৰু তেওঁৱেই গোটটোৰ বাকীকেইজন সদস্যক যোগাযোগ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।