ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লী অগ্নিনির্বাপন বিভাগৰ দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ

দিল্লীৰ অগ্নিনির্বাপন বিভাগে এইবেলি দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ কৰে। বিভাগীয় তথ্য অনুসৰি বিগত ১০টা বছৰৰ ভিতৰত অগ্নিকাণ্ডৰ বাতৰিৰে বিভাগটোৱে লাভ কৰা এনে ফোনকলৰ সংখ্যা আছিল সবাতোকৈ অধিক। দিল্লীৰ অগ্নিনির্বাপন বিভাগৰ সঞ্চালক অতুল গাৰ্গে আকাশবাণীৰ বাতৰি বিভাগক জানিবলৈ দিয়া মতে কালি সন্ধিয়া ৫ বজাৰ পৰা আজি পুৱা ৫ বজালৈ অর্থাৎ ১২ ঘণ্টা সময়ৰ ভিতৰত দিল্লী এলেকাত ৩০০টাতকৈও অধিক অগ্নিকাণ্ড সংঘটিত হয়। এনে ঘটনাসমূহৰ মাজতে তিনিজন লোকে প্ৰাণ হেৰুৱাই বুলিও তেওঁ জানিবলৈ দিয়ে। শ্রী গাৰ্গে অৱশ্যে দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি অগ্নিনির্বাপক বাহিনীয়ে পূর্বতকৈ অধিক সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱাটোক প্ৰতিহত কৰিব পৰা হয় বুলিও লগতে প্ৰকাশ কৰে।