প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে। পিপৰহৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্রচলিত হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰদৰ্শনীৰ বিভিন্ন শাখা পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীৰ এখন কেটল’গ উন্মোচন কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয়, যে দীর্ঘ প্রতীক্ষাৰ অন্তত দেশৰ ঐতিহ্য ঘূৰি আহিছে আৰু ইয়াৰ পৱিত্ৰ গৰিমাত্ত ঘূৰি আহিছে। তেওঁ কয়, যে আজিৰে পৰা দেশৰ জনসাধাৰণে গৌতম বুদ্ধৰ এই পৱিত্ৰ অৱশেষ দৰ্শন কৰিব পাৰিব আৰু তেওঁৰ দৈব্যাআশিষ লাভ কৰিব পাৰিব।
বৌদ্ধ ধৰ্মৰ প্ৰাৰম্ভিক অৱস্থাৰ অধ্যয়নত ১৮৯৮ চনত সন্ধান পোৱা পিপৰহৱা অৱশেষৰ গুৰুত্বপূৰ্ণ স্থান আছে। এয়া ভগৱান বুদ্ধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত প্রাচীন আৰু ঐতিহাসিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অৱশেষসমূহৰ অন্যতম। প্রত্নতাত্বিক প্ৰমানৰ পৰা পিপৰহৱা থলী আৰু প্ৰাচীন কপিলাবস্তুৰ যোগসূত্ৰৰ কথা পোহৰলৈ আহে। ভগৱান বুদ্ধই দিব্য জ্ঞান লাভ কৰাৰ পূৰ্বে কপিলা বস্তুত পাৰম্ভিক জীৱন অতিবাহিত কৰিছিল। এই প্ৰদৰ্শনীয়ে প্ৰথমবাৰৰ বাবে এক শতিকাৰো অধিক কালৰ পাছত পিপৰহৱা অৱশেষক স্বদেশলৈ ঘূৰাই অনা হৈছে। পিপৰহৱা অৱশেষৰ কিছু অংশ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু কলকাতাৰ ভাৰতীয় সংগ্ৰহলায়ত সংৰক্ষিত কৰা হৈছে।
কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে কয়, যে এই ঐতিহাসিক প্ৰদৰ্শনীয়ে ১২৭ বছৰ পাছত ভগৱান বুদ্ধৰ পিপৰহৱা প্ৰত্ন অৱশেষৰ স্বদেশ প্রত্যাৱৰ্তনক সূচায়। তেওঁ কয়, যে এয়া সমগ্ৰ দেশৰ বাবে প্ৰেৰণা আৰু গৌৰৱৰ বিষয়। সাংস্কৃতিক মন্ত্ৰালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ ঐতিহ্যৰ সংৰক্ষণৰ সৈতে উন্নয়নৰ দৃষ্টিভংগী অনুযায়ী কাম কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীশেখাৱটে কয়, যে তেওঁৰ মন্ত্ৰালয়ে দেশৰ প্ৰত্নতাত্বিক আৰু সাংস্কৃতিৰ ঐতিহ্যৰ সংৰক্ষণ, পাণ্ডুলিপিৰ ডিজিটেল ৰূপ প্ৰদান আৰু দেশৰ সাংস্কৃতিক সম্পৰ্কৰ সুদৃঢ়কৰণৰ হকে কাম কৰি আছে।
নতুন দিল্লীত আয়োজন কৰা এই প্ৰদৰ্শনীৰ ভগৱান বুদ্ধৰ শিকনিসমূহৰ সৈতে ভাৰতৰ গভীৰ তথা নিৰন্তৰ সভ্যতাজনিত সম্পর্কক প্রতিফলিত কৰে আৰু দেশৰ চহকী আধ্যাত্মিক তথা সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ প্ৰতি প্রধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়। চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা, প্রতিষ্ঠানগত সহযোগিতা আৰু অভিনৱ ৰাজহুৱা ব্যক্তিগত সহযোগিতাৰ বাবে অলপতে এই অৱশেষসমূহ স্বদেশলৈ আনিব পৰা গৈছে।