ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 31, 2024 7:02 PM | National

printer

দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ মিত্ৰজোট আই এন ডি আই এৰ প্ৰতিবাদী সমাবেশ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকে ধৰি কেইবাটাও বিষয়ক লৈ বিৰোধী দলৰ মিত্ৰজোট আই এন ডি আই এ আজি দিল্লীৰ ৰামলীলা ময়দানত সমাবেশৰ আয়োজন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সমাবেশত অংশগ্ৰহণ কৰি কেইবাজনো বিৰোধী নেতাই দৃঢ়তাৰে কৈছে যে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে এই সমাবেশৰ আয়োজন কৰা হৈছে। যোৱা বছৰৰ জুন মাহত পাৰ্টনাত মিত্ৰজোট গঠন হোৱাৰ পাছত আই এন ডি আই এৰ নেতাসকলৰ এইখনেই হব প্ৰথমখন ৰাজহুৱা সভা। ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধীৰ এই সমাবেশৰ তীব্ৰ বিৰোধিতা কৰি কৈছে যে এয়া কোনো গণতন্ত্ৰ ৰক্ষাৰ সমাবেশ নহয়, বৰং “এটা পৰিয়াল বচোৱা” আৰু “দুৰ্নীতি লুকুওৱা সমাবেশ”। নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক উদ্দেশ্যি বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কৈছে যে এই দলসমূহে ভাৰতীয় ৰাজনীতিত বিশ্বাসযোগ্যতাৰ সংকটক প্রতিনিধিত্ব কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে বিশ্বাসযোগ্যতাৰ ৰাজনীতিৰে প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে। বিৰোধী দলসমূহে গণতন্ত্ৰ ৰক্ষাৰ বাবে একত্ৰিত হোৱা বুলি দাবী কৰিছে যদিও তেওঁলোকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি আনক কেতিয়াও আগবাঢ়িবলৈ নিদিয়ে বুলি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীত্রিবেদীয়ে লগতে কয় যে নিৰ্বাচনত জনসাধাৰণে বিৰোধীক উপযুক্ত উত্তৰ দিব। আম আদমী পাৰ্টীয়ে আন বিৰোধী দলৰ সৈতে একত্ৰিত হোৱা সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কৈছে যে, চোৰ আৰু ঠগ বুলি আৱৰ্জনা জ্ঞান কৰা লোকসকলে বিৰোধী মিত্রজোটৰ সৈতে হাত মিলাইছে আৰু ই অদ্ভুত তথা আচৰিত ধৰণৰ দৃশ্য ।