দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি

নতুন দিল্লীৰ সেনা বাহিনীৰ ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হস্পিতালত এটা অত্যাধুনিক মানৱ ছালৰ বেংক মুকলি কৰিছে। সশস্ত্র বাহিনীৰ চিকিৎসা সেৱা প্ৰতিষ্ঠানসমূহৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ বেংক স্থাপন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে, সেনাবাহিনীত কৰ্মৰত সৈনিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ গুৰুতৰভাৱে জুয়ে পোৰা ছাল আৰু ছালৰ সৈতে জড়িত অন্যান্য সমস্যাসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে এই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। সৈন্য বাহিনীৰ চিকিৎসা সেৱাৰ সঞ্চালকপ্ৰধান আৰু কৰ্ণেল কমাণ্ডেণ্ট লেফটেনেণ্ট জেনেৰেল অন্দিম ছেটাৰ্জীয়ে ছালৰ বেংকৰ উদ্বোধনক সেনা বাহিনীৰ প্ৰতিজন কৰ্মৰত সদস্যৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্রমাণিত কৰে বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।