প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ’ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ’ব। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী মোদীয়ে এইদৰে কয়। তেওঁ কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থাসমূহে সমগ্ৰ ঘটনাৰ উঁহ উলিয়াবলৈ সমৰ্থ হ’ব বুলিও তেওঁ নিশ্চিতি দিয়ে। শ্রী মোদীয়ে কয়, যে আজি তেওঁ অত্যন্ত গধুৰ হৃদয়েৰে ভূটানলৈ আহিব লগা হৈছে, কাৰণ দিল্লীৰ ঘটনাই সকলোকে ব্যথিত কৰি তুলিছে। দুৰ্ভগীয়া পৰিয়ালকেইটাৰ দুখ তেওঁ অনুভৱ কৰিব পাৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে সমগ্র দেশ তেওঁলোকৰ লগত আছে।
প্রধানমন্ত্ৰীয়ে কয়, যে আজিৰ দিনটো বিশ্ব শান্তিত বিশ্বাস কৰা সকলো লোকৰ লগতে ভূটান আৰু ভূটানৰ ৰাজ পৰিয়ালৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কেইবা শতিকাজুৰি ভাৰত আৰু ভূটানৰ মাজত অত্যন্ত গভীৰ সম্পৰ্ক থকাৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয়, যে সাংস্কৃতিকভাৱেও দুয়োখন দেশ ওচৰ সম্পৰ্কত আছে।