দিল্লীৰ লালকিল্লাৰ কাষৰীয়া এলেকাত কালি সন্ধিয়া সংঘটিত গাড়ীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত আজি এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ সঞ্চালকপ্ৰধানগৰাকীয়ে অংশগ্রহণ কৰে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে ইয়াত ভার্চুৱেল ব্যৱস্থাৰে ভাগ লয়। উল্লেখযোগ্য যে কালিৰ বিস্ফোৰণৰ ঘটনাটোৰ পাছতেই সকলো স্পৰ্শকাতৰ এলেকাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। বিস্ফোৰণৰ কাৰণ তথা আনুষংগিক বিষয়সমূহ বিশ্লেষণ কৰাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰা আৰু স্বাভাৱিক অৱস্থা ওভতাই অনাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলি থকা অৱস্থাত সংশ্লিষ্ট কর্তৃপক্ষসমূহে তালাচী অভিযানো তীব্ৰতৰ কৰি তুলিছে।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৪ জনৰো অধিক লোক আহত হয়। এখন গাড়ীত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰিছে। শক্তিশালী এই বিস্ফোৰণটোত আন চাৰিখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাজনো পথচাৰী আৰু অট’ৰিক্সাৰ যাত্ৰী আঘাতপ্রাপ্ত হয়। গৃহমন্ত্রী শ্বাহে কয়, যে দিল্লী আৰক্ষী, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী তথা ফৰেনছিকৰ দলে ঘটনাৰ বিস্তৃত অনুসন্ধান চলাই আছে আৰু এই সন্দৰ্ভত সোনকালেই নিশ্চিত তথ্য লাভ কৰিব পৰা হ’ব।
দিল্লীৰ আৰক্ষী আয়ুক্ত সতীশ গোলচাই প্ৰকাশ কৰা মতে সন্ধিয়া প্ৰায় ৬ বাজি ৫২ মিনিটত লালকিল্লা ট্রে’ ষ্টেচনৰ সমীপত ধীৰ গতিৰে অহা এখন চাৰিচকীয়া গাড়ীত এই বিস্ফোৰণ সংঘটিত হয়। ঘটনাৰ পাছতে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া, এন এছ জি, এন আই এ আৰু ফৰ্ণেছিক বিশেষজ্ঞৰ দল উপস্থিত হৈ ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰে। দিল্লী আৰক্ষীয়ে ইতিমধ্যে বিস্ফোৰণত ব্যৱহৃত গাড়ীখন চিনাক্ত কৰিছে। আৰক্ষীয়ে বেআইনী কার্যকলাপ (প্ৰতিৰোধ) আইন আৰু ভাৰতীয় ন্যায় সংহিতাকে ধৰি ভিন ভিন আইনৰ বিভিন্ন ধাৰাৰ অধীনত ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিস্ফোৰণৰ ঘটনাৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী শ্বাহে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চিকিৎসাধীন আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। বিস্ফোৰণ সন্দৰ্ভত ব্যাপক অনুসন্ধান চলোৱা হ’ব বুলিও তেওঁ ভুক্তভোগী লোকসকলক আশ্বাস দিয়ে।
ইপিনে, এল এন জে পি হাস্পতালৰ অধীক্ষকগৰাকীয়ে কয়, যে এই ঘটনাত আঘাতপ্রাপ্ত ১৫ জন লোকক হাস্পতাললৈ লৈ অহা হৈছিল যদিও ইয়াৰে ৮ গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হৈছে। তিনিগৰাকীৰ অৱস্থা অতি গুৰুতৰ আৰু এগৰাকী আঘাতপ্রাপ্ত লোকৰ স্বাস্থ্য বর্তমান স্বাভাৱিক বুলি অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে৷
ঘটনাটো সন্দৰ্ভত খবৰ লোৱাৰ বাবে দিল্লী আৰক্ষীয়ে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। জৰুৰী ফোননম্বৰ ১১২ ৰ লগতে এই সন্দৰ্ভত মুকলি কৰা দিল্লী আৰক্ষীৰ নিয়ন্ত্রণ কক্ষৰ নম্বৰ দুটা হ’ল ০১১-২২৯১০০১০ আৰু ০১১-২২৯১০০১১। একেদৰে এল এন জে পি হাস্পতালৰ ০১১-২৩২৩৩৪০০ আৰু ০১১-২৩২৩৯২৪৯ নম্বৰতো যোগাযোগ কৰিব পৰা হ’ব বুলি কোৱা হৈছে।