ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 20, 2025 7:03 AM | Delhi New CM

printer

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেখা গুপ্তাই

ৰেখা গুপ্তাই আজি নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰেখা গুপ্তা – সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীৰ পাছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব। কালি বিয়লি দিল্লী বিজেপিৰ বিধায়িনী দলৰ নেত্ৰী হিচাপে বাছনি লাভ কৰাৰ পাছত ৰেখা গুপ্তাই উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী জনায়।
উপ-ৰাজ্যপালে আজি দুপৰীয়া ১২ বাজি ৩৫ মিনিটত শ্ৰীমতী গুপ্তাক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰাব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শপত গ্রহণ অনুষ্ঠানত ভাগ ল’ব। প্ৰায় ২০খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলকো শপত গ্রহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে। ৰেখা গুপ্তাই দিল্লী বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত শালিমাৰবাগ সমষ্টিৰ পৰা জয়ী হৈছে। তেওঁ ১৯৯২ চনত এ বি ভি পিৰ সৈতে দিল্লী বিশ্ববিদ্যালয়ৰ দৌলত ৰাম মহাবিদ্যালয়ৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংঘৰ অধ্যক্ষ আছিল। ৰেখা গুপ্তাই লগতে দিল্লীৰ বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰেখা গুপ্তাৰ নাম দিল্লীৰ পৰৱৰ্ত্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ পাছত কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহকে ধৰি কেইবাগৰাকীও বিজেপি নেতাই তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত গৃহমন্ত্ৰী অমিত শ্বাহে ৰেখা গুপ্তাৰ প্ৰতি পূর্ণ আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীক বিশ্বৰ শীৰ্ষৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে প্রধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা সংকল্প অনুযায়ী নিষ্ঠাৰে কাম কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও শ্রীমতী গুপ্তাক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রীবৈষ্ণৱে সামাজিক মাধ্যমযোগে কয় যে দিল্লীত তথ্যপ্রযুক্তি খণ্ডৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তুলিবলৈ আৰু ৰে’লৱেৰ বিকাশৰ বাবে নেত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এটা বাৰ্তাত কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰগতি আৰু উন্নয়নৰ নতুন শিখৰত উপনীত হৈ নতুন ইতিহাস ৰচনা কৰিব। দিল্লীৰ বিদায়ী মুখ্যমন্ত্ৰী আতিশী আৰু আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালেও ৰেখা গুপ্তাক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁলোকে লগতে নেত্ৰীগৰাকীয়ে নির্বাচনী প্ৰচাৰত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি আশা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।