● নতুন দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগত উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাই মূল্যত আজি এখন সামগ্রী বিক্রী মেলা অনুষ্ঠিত হয়। মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই বিক্ৰী মেলা মুকলি কৰে। গ্ৰাহকক খাদী সামগ্ৰীৰ ক্ষেত্ৰত ২০ শতাংশ আৰু খাদী গ্রামোদ্যোগ সামগ্ৰীৰ ক্ষেত্ৰত ১০ শতাংশ ৰেহাই দিয়া হ’ব। আজি আৰম্ভ হোৱা আৰু অহা ৫ নবেম্বৰত সামৰণি পৰিবলগীয়া খাদী মহোৎসৱ-২০২৫লৈ এই ৰেহাই ব্যৱস্থা থাকিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে দেশবাসীক খাদী আৰু স্বদেশী সামগ্ৰীৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়।
Site Admin | October 2, 2025 8:51 PM | Aakashbani | Akashvani | Delhi | PM Khadi India
দিল্লীৰ খাদী গ্রামোদ্যোগ ভৱনত জি এছ টি সঞ্চয় উৎসৱৰ অধীনত বিশেষ ৰেহাই মূল্যত সামগ্রী বিক্রী মেলা
