ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব

৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত হ’বলগীয়া কুছকাৱাজ, প্রতীকপট শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা ৯.৪০ মিনিটৰ পৰা প্ৰচাৰিত হ’বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অ’, টি.টি. প্লেটফৰ্ম ৱেভযোগেও প্ৰচাৰিত হ’ব। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে প্ৰকাশ কৰা অনুসৰি দূৰদৰ্শনে এই অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰৰ বাবে পোনপ্ৰথমবাৰৰ বাবে 4K কেমেৰা আৰু আন আনুসংগিক সৰঞ্জাম ব্যৱহাৰ কৰিব। ইয়াৰ ফলত এই অনুষ্ঠানৰ মান পূৰ্বৰ তুলনাত আঠ গুণ উন্নত হ’ব বুলি শ্ৰীদ্বিবেদীয়ে প্ৰচাৰ কৰে।