ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ মন্থন বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ মন্থন বৈঠকত অধ্যক্ষতা কৰিছে। সমবায় খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যপ্রাপ্তিৰ যাত্ৰাৰ অগ্ৰগতিৰ পর্যালোচনা, মত-বিনিময় আৰু ভৱিষ্যতৰ কাৰ্যপন্থা গঠনৰ ক্ষেত্ৰত এই মন্থন বৈঠক উপযুক্ত মঞ্চৰূপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। বৈঠকৰ সময়ছোৱাত ২ লাখ নতুন বহুমুখী প্রাথমিক কৃষি ঋণ সমিতি গঠন, দুগ্ধ আৰু মীন সমবায় সমিতি স্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ’ব। খাদ্য সুৰক্ষা আৰু কৃষকৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ আঁচনিৰ ওপৰতো এই বৈঠকতে আলোচনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।