বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত দেশৰ কেইবাগৰাকীও আগশাৰীৰ অর্থনীতিবিদ উপস্থিত থাকে। বিত্ত মন্ত্ৰ্যালয় আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টাই বৈঠকত অংশ লৈ বাজেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে। এই প্রাক বাজেট পৰামৰ্শদান বৈঠক আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হয়। ইয়াৰ পাছতে দিনৰ ১ বজাৰ পৰা ৩ বজালৈ বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও কৃষি বিশেষজ্ঞ আৰু কৃষক সংস্থাৰ সৈতে বৈঠকত মিলিত হৈছে। উল্লেখযোগ্য যে প্ৰতিবছৰে কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্ত মন্ত্ৰ্যালয়ে এনেধৰণৰ আলোচনাত মিলিত হয়। সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলোচনা কৰা তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি সকলো দিশ চালিজাৰি চাই চূড়ান্ত বাজেট প্রস্তুত কৰা হয়৷
Site Admin | November 10, 2025 6:20 PM | Akashvani | Akashvani News | Finance Minister | Nirmola sitarmon
দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় বৈঠকত বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতা