বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত ভূটানৰ প্ৰধানমন্ত্রী শ্বেৰিং টবগেক সাক্ষাৎ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী ৪ দিনীয়া ভ্রমণসূচী লৈ পৰহি ভাৰতত উপস্থিত হয়। তেওঁ উত্তৰ প্ৰদেশৰ অযোধ্যাত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হোৱাৰ কথা ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পত্নী ওম টাছি দোমাৰ সৈতে আজি অযোধ্যাৰ শ্ৰীৰাম জনমভূমি মন্দিৰ, হনুমানগড়ী মন্দিৰ আৰু কুবেৰটিলা দৰ্শন কৰে। এই ভ্ৰমণৰ কালছোৱাত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীৰাম মন্দিৰত চলি থকা নিৰ্মাণ কাৰ্যৰ চূড়ান্ত পর্যায় পর্যালোচনা কৰি মন্দিৰৰ স্থাপত্যৰ বৈশিষ্ট্য আৰু আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পূৰ্বে প্রধানমন্ত্ৰী টবগেক উত্তৰ প্ৰদেশৰ কৃষি মন্ত্ৰী সূৰ্যপ্ৰতাপ শ্বাহিয়ে বিমান বন্দৰত আদৰণি জনায়। ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকী ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোতে উচ্চ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য ভূটানৰ প্ৰধানমন্ত্রী শ্বেৰিং টবগেই কালি সপত্নীক বিহাৰৰ বুদ্ধ গয়াত থকা পৱিত্ৰ মহাবোধি মন্দিৰ দৰ্শন কৰে। শ্ৰীট’বগেই ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতিপ্রাপ্ত মন্দিৰটোত প্ৰাৰ্থনা কৰে। ধর্মীয় বিশ্বাস মতে ভগৱান বুদ্ধই এই স্থানতেই জ্ঞান লাভ কৰিছিল।
প্রধানমন্ত্ৰী শ্বেৰিঙৰ ভ্ৰমণে ভাৰত আৰু ভূটানৰ মাজত থকা সাংস্কৃতিক বিনিময়, মৈত্ৰী আৰু পাৰস্পৰিক সন্মানৰ স্বাশ্বত বান্ধোনক প্রতিফলিত কৰিছে।