October 19, 2025 1:36 PM | Deepawali in Delhi

printer

দিল্লীত প্ৰথমবাৰৰ বাবে ব্যাপক ৰূপত দীপাৱলী উৎসৱৰ আয়োজন

উত্তৰ প্ৰদেশৰ অযোধ্যাত অনুষ্ঠিত দীপাৱলী উৎসৱৰ দৰে দিল্লীত প্ৰথমবাৰৰ বাবে ব্যাপক ৰূপত এই উৎসৱৰ আয়োজন কৰা হৈছে। কালি কর্তব্যপথত আয়োজিত এই দীপাৱলী উৎসৱৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়, যে দীপাৱলী কেৱল মাত্ৰ পোহৰৰ উৎসৱেই নহয়, বৰং ই এটা নতুন দিশৰো বাৰ্তা বহন কৰে। তেওঁ কয়, যে দিল্লীৱাসী বিশ্বাস আৰু আধুনিকতাৰ সমন্বয়ত সুন্দৰকৈ আয়োজন কৰা এই দীপাৱলী উৎসৱৰ সাক্ষী হ’ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই উৎসৱত কালি কমেও ১ লাখ ৫০ হাজাৰ চাকি জ্বলোৱা হয় আৰু প্ৰায় এহেজাৰটা ড্রোনৰ সহায়ত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে ৰামায়ণৰ কাহিনী পুনৰ নিৰ্মাণ প্ৰদৰ্শন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।