দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন

● ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব। তাৰপাছত পুটিনে ৰাজঘাটত পুষ্পাঞ্জলি অর্পণ কৰি মহাত্মা গান্ধীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব। আজি হায়দাবাদ হাউছত শ্ৰীমোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা, সংস্কৃতি আদিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পুটিনৰ সন্মানার্থে ভোজমেলৰ আয়োজন কৰিছে। এই ভ্রমণে দুয়োখন দেশৰ মাজৰ বিশেষ আৰু কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাৰ লগতে দুয়োগৰাকী নেতাক দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ সন্দৰ্ভত পর্যালোচনাৰ সুযোগ দিব।

ৰাষ্ট্ৰসংঘ, জি-২০, ব্ৰিকছ আৰু ছাংহাই সহযোগিতা সংস্থা আদিৰ দৰে কেইবাটাও বহুপাক্ষিক মঞ্চত ভাৰত আৰু ৰাছিয়াই সহযোগিতা স্থাপন কৰে। ২০২৩ চনত জি-২০ আৰু ছাংহাই সহযোগিতা সংস্থাত ভাৰতৰ সভাপতিত্ব তথা ২০২৪ বৰ্ষত ব্ৰিকছত ৰাছিয়াৰ সভাপতিত্ব‍ই দুয়োখন দেশৰ মাজত থকা পাৰস্পৰিক সমর্থনৰ জৰিয়তে এই সহযোগিতা অধিক শক্তিশালী হৈ উঠিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বৰ প্ৰতি ৰাছিয়াই ধাৰাবাহিকভাৱে সমৰ্থন আগবঢ়াই আহিছে। বিগত ৭৮ বছৰত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় আৰু সুস্থিৰ হৈ আছে। পৰম্পৰাগত সামৰিক, পাৰমাণৱিক সহযোগিতাৰ উপৰিও বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজত শক্তিশালী সহযোগিতা অব্যাহত আছে।