দিনৰ ১১ বজালৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২৭.২৬ শতাংশ ভোটদাতাৰ ভোটদান

—বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। ৰাজ্যখনত দিনৰ ১১ বজালৈ ২৭.২৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। বেগুচৰাই জিলাত সৰ্বাধিক ৩০.৭ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনা জিলাৰ বটিয়াৰপুৰত, উপ-মুখ্যমন্ত্ৰী তথা তাৰাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সম্রাট চৌধুৰীয়ে মুংগেৰত ভোটদান কৰে। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় আৰু তেওঁৰ পত্নীয়ে হাজিপুৰত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। একেদৰে বিকাশশীল ইনচান পাৰ্টীৰ মুৰববী তথা মহা মিত্ৰজোঁটৰ উপ-মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মুকেশ চাহানীয়ে দভংগাত ভোটদান কৰে ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে সুৰক্ষাজনিত কাৰণত চিৰি বটিয়াৰপুৰ, মহিচি, তাৰাপুৰ, মুংগেৰ, জমালপুৰ আৰু সূৰ্যগড়া বিধানসভা সমষ্টিৰ অধীনৰ ৫৬ টা কেন্দ্ৰত ভোটগ্রহণ ৫ বজাত সামৰণি পৰিব।
ইপিনে, ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত চলি আছে। এন ডি এ আৰু মহা মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰক আৰু জ্যেষ্ঠ নেতাসকলে দ্বিতীয় পৰ্যায়ত সামৰি ল’বলগীয়া সমষ্টিসমূহত একাধিক নির্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাগলপুৰ আৰু আৰাৰিয়াত নিৰ্বাচনী সভাত ভাষণ দিব। একেদৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পশ্চিম চম্পাৰণ, পূব চম্পাৰণ আৰু মধুবনি জিলাত আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পূব চম্পাৰণ আৰু সীতামঢ়ি জিলাত দলৰ হৈ প্ৰচাৰ চলাব। ইপিনে, মহা মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী প্ৰসাদ যাদৱে আজি মধুবনী, চুপ’ল, কিষাণগঞ্জ, কাটিহাৰ আৰু পূর্ণিয়া জিলাত ১৮ খন নিৰ্বাচনী সভাত ভাগ লোৱাৰ কথা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।