ডাউনলোড
মোবাইল এপ

android apple
signal

April 11, 2025 9:47 AM | PM Visit

printer

দিনজোৰা ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশলৈ যাব। উত্তৰ প্ৰদেশ ভ্ৰমণকালত তেওঁ বাৰাণসীত ৩ হাজাৰ ৮৮০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহ বাৰাণসীৰ আন্তঃগাঁথনি উন্নয়ন আৰু পথ যোগাযোগ সৈতে জড়িত। প্রধানমন্ত্রীয়ে লগতে দুটা ৪০০ কিল’ভল্ট আৰু এটা ২২০ কিল’ভল্ট শক্তিসম্পন্ন বিদ্যুৎ উপকেন্দ্র আৰু বিদ্যুৎ পৰিবাহী লাইন মুকলি কৰিব। বাৰাণসী সংমণ্ডলৰ জৌনপুৰ, চন্দৌলি আৰু গাজীপুৰত এহেজাৰ ৪৫ কোটিৰো অধিক টকা ব্যয়েৰে এই প্ৰকল্পসমূহ সাজু কৰি তোলা হৈছে।
সকলোৰে বাবে শিক্ষা সুনিশ্চিত কৰাৰ দৃষ্টিভংগী অনুযায়ী শ্রীমোদীয়ে চৰকাৰী পলিটেকনিক মহাবিদ্যালয়, ৩৫৬টা গ্ৰাম্য পুথিভঁৰাল আৰু ১০০টা অংগনবাড়ী কেন্দ্ৰকে ধৰি ভালেমান প্রকল্প উদ্বোধন কৰিব। তেওঁ লগতে স্মার্ট চিটী অভিযানৰ অধীনত নতুন ৰূপত সজাই তুলিবলগীয়া ৭৭টা প্রাথমিক বিদ্যালয় ভৱন আৰু বাৰাণসীৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ক্রীড়া আন্তঃগাঁথনিৰ প্ৰসাৰৰ উদ্দেশ্যে উদয় প্রতাপ মহাবিদ্যালয়ত ফ্লাড লাইটৰ সুবিধা বিশিষ্ট ছিন্থেটিকক হকী খেলপথাৰ আৰু শিৱপুৰত এটা ক্ষুদ্ৰ ষ্টেডিয়ামো মুকলি কৰিব। এই উপলক্ষে প্রধানমন্ত্রীয়ে প্ৰথমবাৰৰ বাবে সুবিধা লাভ কৰা ৭০ বছৰ বয়সৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজত আয়ুষ্মান ৱয়’ বন্দনা কার্ডো বিতৰণ কৰিব। শ্রীমোদী উত্তৰ প্ৰদেশৰ পৰা মধ্যপ্ৰদেশলৈ যাব। তাত তেওঁ ইছাগড়ৰ গুৰুজী মহাৰাজ মন্দিৰত পূজা আগবঢ়াব। শ্রীমোদীয়ে আনন্দপুৰ ধামত এটা ৰাজহুৱা অনুষ্ঠানত অংশ ল’ব আৰু এটা সমাৱেশত ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক