অসম মন্ত্রীসভাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰাৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ পাঁচজনীয়া এটা দল নিযুক্তিত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠক পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই অধিবক্তাৰ দলটোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আদালতত যুঁজ দিব। মন্ত্রীসভাই লগতে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে পৰিয়াল আৰু শুভাকাংক্ষীয়ে গঠন কৰা জুবিন গাৰ্গ ন্যাসলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ কোটি টকাৰ বৰঙণি আগবঢ়োৱাত অনুমোদন জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্রাক মুহূৰ্তত বিজেপি মিত্রজোঁট চৰকাৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে ‘এটি কলি, দুটি পাত’ নামৰ বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই আঁচনিৰ অধীনত চাহ শ্ৰমিকসকলক ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। অহা ২৫ জানুৱাৰীত ডুমডুমাত এই আঁচনিৰ শুভাৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্রীসভাই বড়ো সাহিত্য সভাক এটা বহুমুখী প্রকল্প নিৰ্মাণৰ বাবে গুৱাহাটীৰ বেতকুছিত এবিঘা ভূমি আবণ্টনত অনুমোদন জনায়। তদুপৰি মৰিগাঁও, ডিব্ৰুগড় আৰু কাছাৰকে ধৰি কেইবাখনো জিলাত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত বহু পৰিমাণৰ ভূমিত আবণ্টন জনোৱা হয়। ড° শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্রমণ সন্দৰ্ভত মন্ত্রীসভাত বিস্তৃতভাৱে আলোচনা হোৱাৰ কথা উল্লেখ কৰি কয়, যে ১৭ জানুৱাৰীৰ বিয়লি প্রধানমন্ত্ৰীয়েপ্রায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। ১৮ জানুৱাৰীত তেওঁ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল’ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাতলৈ ছহেজাৰ ৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউটালৈ চলিবলগীয়া দুখন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে।
Site Admin | January 10, 2026 12:39 PM | assam cabinet
দিছপুৰৰ লোকসেৱা ভৱনত অসম মন্ত্ৰীসভাৰ বৈঠক