দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্ৰহণ

● জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আফি মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ ২৭ গৰাকী বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্রাট চৌধৰি, বিজয় কুমাৰ সিন্হা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়ছোৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্রীসভাত স্থান লাভ কৰিছে। জে ডি ইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বিজেন্দ্ৰ প্ৰসাদ যাদৱ, জমা খান আৰু অশোক চৌধুৰীক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, চিৰাগ পাছোৱান আৰু এন ডি এই আন কেইবাগৰাকীও শীর্ষ নেতা শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকে।

ৰাজ্যখনৰ ২৪৩ জনীয়া বিধানসভাৰ বাবে অলপতে হোৱা নিৰ্বাচনত এন ডি এই ২০২ খন আসন লাভ কৰি বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহে। ইয়াৰ পূৰ্বে বিজেপিৰ নেতা সম্রাট চৌধুৰীক দলৰ বিধায়িনী গোটৰ নেতা আৰু বিজয় সিনহাক উপ-নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।