ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দশম পৰিচালন পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত নীতি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত অন্যান্যসকলৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, হিমাচল প্রদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং ছুকু, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদব আৰু চত্তিছগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই উপস্থিত আছে। কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসকল, কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ আৰু নীতি আয়োগৰ উপাধ্যক্ষ, সদস্য তথা মুখ্য কাৰ্যবাহী বিষয়া এই বৈঠকত উপস্থিত আছে। এই বছৰৰ বিষয়বস্তু হৈছে ২০৪৭ত বিকশিত ভাৰতৰ বাবে বিকশিত ৰাজ্য। পৰিচালন পৰিষদে এই বিষয়বস্তুক কেন্দ্ৰ কৰি আলোচনাত মিলিত হৈছে। বৈঠকত দেশৰ উন্নয়নমূলক পৰিবৰ্তনসমূহৰ লগতে ভাৰতত এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত ৰাজ্যসমূহৰ ভূমিকা সন্দৰ্ভত আলোচনা হ’ব। বৈঠকত আলোচিত হ’বলগীয়া আন্যান্য বিষয়সমূহ আছে উদ্যমিতা বিকাশ, দক্ষতা বিকাশ আৰু দেশজুৰি বিস্তৃত নিয়োগৰ সুবিধা সৃষ্টি আদি।