গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে বডোডৰা জিলাৰ গম্ভীৰাৰ সমীপত আজি পুৱা এখন দলং খহি পৰি ৯জন লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গান্ধী নগৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই বিষয়টো আলাচনা কৰা হয়। শ্ৰী পেটেলে দলং খন খহি পৰাৰ সন্দৰ্ভত প্ৰাৰম্ভিক তথ্য দাখিল কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পথ আৰু ভৱন বিভাগৰ বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ আন আন জৰাজীৰ্ণ দলংসমূহৰ তথ্যও পর্যালোচনা কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বডোডৰা জিলাৰ পাড়াৰ সমীপৰ গম্ভীৰা দলঙৰ এটা অংশ আজি পুৱা খহি পৰাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য কেইবাজনো আহত হয়। এই দুর্ঘটনাত পাঁচখন বাহন মহীসাগৰ নদীত পৰি যায়। বডোডৰা জিলা প্রশাসনকে ধৰি স্থানীয় কৰ্তৃপক্ষই ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্রীয়ে এটা বার্তাযোগে এই ঘটনাত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা প্রকাশ কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। তেওঁ লগতে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহত লোকসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
Site Admin | July 9, 2025 8:07 PM | Gujarat Accident Enquiry
দলং খহাৰ ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ তদন্তৰ নিৰ্দেশ