দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ কৰা হয়। এই নিৰ্বাচনত ১৩টা পদৰ বাবে ২৪গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচন প্ৰক্ৰিয়াত ২৯০৫গৰাকী অংশীদাৰ ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰে। সমবায় সমিতিৰ ভোটগ্ৰহণৰ পূৰ্বে অংশীদাৰসকলক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।