দক্ষিণ শালমাৰা মানকাচৰত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পর্যালোচনা বৈঠক

দক্ষিণ শালমাৰা মানকাচৰত সমজিলা সম উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি হাটশিঙিমাৰীত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিভিন্ন বিভাগৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ জিলাখনৰ উন্নয়নৰ সৈতে জড়িত কাম-কাজসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। জিলাখনৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যাই শিক্ষা ব্যৱস্থাৰ ইতিবাচক পৰিৱৰ্তনকে সূচাইছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। জিলাখনত ৪০ শতাংশ চৰ অঞ্চলত শিক্ষাৰ দিশত ভৌগলিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্বেও শিক্ষক-শিক্ষয়িত্ৰী আৰু বিভাগীয় প্রয়াসত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। সীমান্তৰ তাৎপৰ্যপূৰ্ণ জিলা হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি ডাঃ পেগুৱে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখন ভ্ৰমণৰ সময়ত আজি জিলা বিজেপি কার্যালয়ত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে।