ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দক্ষিণ শালমাৰাৰ কোকৰাডাংগাৰ শিশুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোকৰাডাংগাৰ শিশুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি আজি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে।

May be an image of boat

জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা শ্ৰী মহন্তই বাংলাদেশ সীমান্তৰ দ্বিতীয় শাৰীত সুৰক্ষাত নিয়োজিত অসম আৰক্ষীৰ সীমান্ত চকী নিৰ্মাণৰ বাবে জন প্রতিনিধি আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি স্থান বাছনি কৰে। শ্ৰী মহন্তই পাৰঘাট এলেকাৰ সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তব্যৰত জোৱানসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে আজি হাটশিঙিমাৰীৰ কঠালবাৰীত নৱনিৰ্মিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ভৱনটো উদ্বোধন কৰে।