ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 3, 2024 6:15 PM | IMD Alert

printer

দক্ষিণ-পশ্চিম মৌচুমী বতাহজাক ৰাজস্থান, হাৰিয়ানা, পাঞ্জাবৰ অৱশিষ্ট অংশসমূহৰ দিশে অগ্ৰসৰ

দক্ষিণ-পশ্চিম মৌচুমী বতাহ সম্প্ৰতি ৰাজস্থান, হাৰিয়ানা আৰু পাঞ্জাবৰ অৱশিষ্ট অংশসমূহৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে সমগ্ৰ দেশতে স্বাভাৱিকতকৈ ছদিন পূর্বে দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰৱাহিত হৈছে। বিভাগটোৰ শেহতীয়া তথ্য অনুসৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত পৰৱৰ্তী চাৰিটা দিনত মজলীয়াৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত দেশৰ উত্তৰ-পশ্চিম আৰু মধ্য অংশতো গাজনি, ঢেৰেকণি আৰু বিজুলীৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰাৰ লগতে আজি দিনটোত পাঞ্জাব, হাৰিয়ানা, উত্তৰাখণ্ড আৰু গুজৰাটৰ লগতে হিমাচল প্ৰদেশ, দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, চত্তিশগড় আৰু মধ্যপ্ৰদেশতো ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।