দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ অখাল দেৱছৰ অঞ্চলত কালি সন্ধিয়া সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘর্ষ হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে অখাল দেৱছৰ অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে এই অভিযান চলাইছিল। আন্ধাৰৰ বাবে কালি সাময়িকভাৱে স্থগিত ৰখা এই অভিযান আজি পুৱা পুনৰ আৰম্ভ হৈছে। এই অভিযানৰ সবিশেষ তথ্য এতিয়াও লাভ কৰা নাই৷
Site Admin | August 2, 2025 12:47 PM | J&K Incident
দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘর্ষ