January 3, 2026 1:03 PM | Mexico Earthquake

printer

দক্ষিণ আৰু মধ্য মেক্সিকোত প্রবল ভূমিকম্পৰ জোকাৰণি

দক্ষিণ আৰু মধ্য মেক্সিকোত কালি এটা প্রবল ভূমিকম্প সংঘটিত হয়। মেক্সিকোৰ ৰাষ্ট্ৰীয় ভূকম্পবিজ্ঞান সংস্থাই জনোৱা মতে, এই ভূমিকম্পৰ প্ৰাৰম্ভিক প্রাবল্য আছিল ৬.৫ আৰু ইয়াৰ কেন্দ্রবিন্দু আছিল দক্ষিণৰ গুয়েৰেৰো ৰাজ্যৰ ছান মাৰ্কছ চহৰৰ সমীপৰ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় আকাপুলকোৰ ওচৰত। ৰাজ্যখনৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই আকাপুলকোৰ আশে-পাশে আৰু ৰাজ্যখনৰ অন্যান্য ঘাইপথত হোৱা ভূমিস্খলনৰ কথা সদৰি কৰে । জোকাৰণি আৰম্ভ হোৱাৰ লগে লগে মেক্সিকো চহৰ আৰু আকাপুলকোৰ বাসিন্দা আৰু পৰ্যটকসকলে ৰাজপথলৈ লৰালৰিকৈ ওলাই আহে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, আকাপুলকোৰ পৰা প্ৰায় ৫৭ মাইল উত্তৰ-পূবে পাহাৰত অৱস্থিত গুৱেৰেৰোৰ ৰাঞ্চো ভিজোৰ পৰা ২.৫ মাইল উত্তৰ-পশ্চিমে ২১.৭ মাইল গভীৰতাত এই ভূমিকম্প সংঘটিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।