দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছটা নতুন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়। গোলকীয় পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ, আফ্রিকীয় দক্ষতামূলক বহুমুখী কাৰ্যসূচী, গোলকীয় স্বাস্থ্য যতন সঁহাৰি গোট, মাদকদ্ৰব্য সৰবৰাহ ৰোধ, কৃত্ৰিম উপগ্ৰহীয় তথ্য অংশীদাৰিত্ব আৰু গুৰুত্বপূর্ণ খনিজ পদার্থ বিষয়ক পদক্ষেপক অন্তৰ্ভুক্ত কৰা হৈছে। সন্মিলনৰ কালি প্ৰথম দিনা দুখনকৈ সত্ৰত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে কয়, যে এই পদক্ষেপসমূহ বিকাশ, উন্নয়ন আৰু সমূহীয়া কল্যাণৰ ভাৰতৰ যি সামূহিক দৃষ্টিভংগী, তাকেই দাঙি ধৰিছে। তেওঁ কয়, যে এই পদক্ষেপসমূহে সামগ্রিক বিকাশৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।
সামগ্ৰিক আৰু বহনক্ষম অর্থনৈতিক বিকাশ বিষয়ক প্রথনখন সত্ৰত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, যে জি-২০ গোলকীয় পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰে ভৱিষ্যৎ প্ৰজন্মক মানৱীয় কল্যাণৰ দিশত সামূহিক জ্ঞান আহৰণ প্ৰক্ৰিয়াত সহয়ক হ’ব।
প্রধানমন্ত্রী মোদীয়ে জি-২০ গোলকীয় স্বাস্থ্য যতন সঁহাৰি গোট গঠন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে স্বাস্থ্যৰ জৰুৰী অৱস্থা তথা প্রাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ বিশ্বই একেলগে কাম কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্রহণ কৰিব পাৰে। তেওঁ কয়, যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত জি-২০ সদস্য ৰাষ্ট্ৰৰ এটা প্রশিক্ষিত চিকিৎসা বিশেষজ্ঞৰ দল সাজু কৰি ৰখা উচিত। মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ বৃদ্ধি পোৱাৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এনে ধৰণৰ সৰবৰাহ ৰোধ কৰাৰ বাবে জি-২০য়ে পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে লগতে মাদকদ্ৰব্যৰ সৰবৰাহৰ লগত জড়িত অর্থনীতি দুৰ্বল কৰাৰ বাবে সদস্য ৰাষ্ট্ৰসমূহক একত্রিত হ’বলৈ আহ্বান জনায়। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে অহা দশকত আফ্ৰিকাৰ বাবে বিভিন্ন দক্ষতাৰ পদক্ষেপ গ্ৰহণ কৰি ১০ লাখ লোকক প্ৰশিক্ষণেৰে সাজু কৰি তোলাৰ বাবে বাবে প্ৰস্তাৱ দিয়ে। ইয়াৰ ফলত আফ্ৰিকাৰ সামৰ্থ বৃদ্ধি পোৱাৰ লগত উন্নয়নৰ এটা দীৰ্ঘ ম্যাদি পৰিকাথামো গঢ়ি উঠিব। শ্রী মোদীয়ে জি-২০ৰ অধীনত গোলকীয় পৰম্পৰাগত জ্ঞানৰ আদান-প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে ভাৰতৰ পৃষ্ঠপোষকতাত ভৱিষ্যৎ প্ৰজন্মৰ বাবে বহনক্ষম পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়। স্থিতিস্থাপক বিশ্ব বিষয়ক দ্বিতীয়খন সত্ৰত ভাগ লৈ প্ৰধানমন্ত্রী শ্রী মোদীয়ে গুৰুত্বপূৰ্ণ খনিজ পদার্থ সংক্রান্তিয় পদক্ষেপৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ জৰিয়তে সামগ্ৰীৰ পুনৰ নিৰ্মাণ, নগৰীয়া খনন তথা উদ্ভাৱনৰ ক্ষেত্ৰত সহায়ক হ’ব। শ্ৰী মোদীয়ে কয়, যে এই পদক্ষেপ সমূহৰ জৰিয়তে যোগান শৃংখলা সুৰক্ষা শক্তিশালী কৰা আৰু উন্নয়নৰ পথ মসৃণ কৰি তোলাৰ উদ্দেশ্য নিহিত হৈ আছে। প্রধানমন্ত্ৰীয়ে কয়, যে ভাৰত বহনক্ষম আৰু স্বচ্ছ শক্তি আহৰণৰ লক্ষ্যত সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ। উপগ্রহীয় তথ্য অংশীদাৰিত্বৰ জৰিয়তে জি-২০ৰ অন্তৰ্গত দেশসমূহে কৃষি, মীন, দুর্যোগ ব্যৱস্থা আদিৰ ক্ষেত্ৰত কাৰ্যসূচী গ্ৰহণত সহায়ক হ’ব। এই একেটা সত্ৰত ভাগ লৈ শ্ৰী মোদীয়ে গোলকীয় খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতত পূৰ্বে অনুষ্ঠিত জি-২০ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে ৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ গোটে পর্যটন, খাদ্য সুৰক্ষা, কৃত্রিম বুদ্ধিমত্তা, ডিজিটেল অর্থনীতি, উদ্ভাৱন আৰু মহিলাসৱলীকৰণৰ ক্ষেত্ৰত কৰা কামৰ বাবে প্ৰশংসা কৰে। তেওঁ কয়, যে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তসমূহকো গতি দিয়াত ই সফল হৈছে।
Site Admin | November 23, 2025 10:30 AM | PM Modi at G20 South Africa 2025
দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ছটা নতুন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ