ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 22, 2025 11:52 AM | PM G-20

printer

দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত আজিৰে পৰা জি-২০ শীৰ্ষ সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত আজিৰে পৰা হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে এই শীৰ্ষ সন্মিলনৰ আটাইকেইটা সত্ৰতে অংশগ্ৰহণ কৰিব আৰু গোলকীয় দক্ষিণ, বহনক্ষম উন্নয়ন, জলবায়ু শীর্ষক কাৰ্যসূচী, গোলকীয় প্ৰশাসনত সংস্কাৰ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য আগবঢ়াব। এয়া হ’ব প্ৰধানমন্ত্ৰীৰ দ্বাদশবাৰৰ বাবে জি-২০ শীর্ষ সন্মিলনত অংশগ্রহণ। প্ৰথমবাৰৰ বাবে আফ্রিকা মহাদেশত হ’বলগীয়া এই সন্মিলন বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব। এই বছৰৰ এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে – সংহতি, সমতা আৰু বহনক্ষমতা। সন্মিলনত দক্ষিণ আফ্রিকাই দুর্যোগ প্রশমন ব্যৱস্থা শক্তিশালী কৰা, কম আয়ৰ দেশসমূহৰ বাবে ঋণৰ বহনক্ষমতা সুনিশ্চিত কৰা, ব্যাপক আৰু বহনক্ষম বিকাশৰ বাবে গুৰুত্বপূৰ্ণ খনিজ নিয়ন্ত্রণকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব। এই তিনিদিনীয়া সন্মিলনত অংশগ্ৰহণৰ বাবে প্রধানমন্ত্রী মোদী কালি সন্ধিয়া জোহান্সবার্গত উপস্থিত হয়। শ্রীমোদীয়ে এই শীর্ষ সন্মিলনত ভাগ লোৱাৰ আপাহতে ভাৰত, ব্রাজিল, দক্ষিণ আফ্ৰিকাৰ নেতৃবৰ্গৰ সৈতে বৈঠকত ভাগ ল’ব আৰু কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব।