দক্ষিণ আফ্রিকাক ৯ উইকেটত পৰাস্ত কৰি ভাৰতৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলা দখল

ভাৰতে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত যশস্বী জয়ছোৱালৰ শতক আৰু ৰোহিত শর্মা তথা বিৰাট কোহলীৰ অর্ধশতকৰ সহায়ত দক্ষিণ আফ্রিকাক অনায়াসে ৯ উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত ২১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে ২৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৩৯ অভাৰ আৰু ৫টা বলতে নির্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ যশস্বী জয়ছোবালে ১১৬ আৰু বিৰাট কোহলিয়ে ৬৫ ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰোহিত শৰ্মাই ৭৫ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইন্টন ডিককে সর্বাধিক ১০৬ ৰান কৰে। টেম্বা বাবুমাই ৪৮ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই ৪টাকৈ উইকেট দখল কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।