থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে দেশ দুখনৰ নেতাসকলৰ মাজত মালয়েছিয়াত গুৰুত্বপূৰ্ণ বৈঠক

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে দেশ দুখনৰ নেতাসকল আজি মালয়েছিয়াত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। থাইলেণ্ডৰ কাৰ্যবাহী প্রধানমন্ত্রী ফুমথাম রেচায়াচায়ীয়ে থাইলেণ্ডৰ প্ৰতিনিধিসকলক নেতৃত্ব দিব। এই আলোচনাত কম্বোডিয়াৰ প্ৰধানমন্ত্রী হুন মেনেটয়েও অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে থাইলেণ্ড-কম্বোডিয়া সীমা বিবাদৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২লৈ বৃদ্ধি পাইছে আৰু এনেধৰণৰ ঘটনাত ১৩০ জনৰো অধিক লোক আহত হৈছে। কালি চতুর্থ দিনৰ বাবেও দেশ দুখনৰ মাজৰ সংঘৰ্ষ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কম্বোডিয়াৰ বহুতো লোকে ইতিমধ্যে থাইলেণ্ডৰ সৈতে থকা সীমান্ত অঞ্চল ত্যাগ কৰিছে। এই সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত থাইলেণ্ডে সীমান্ত অঞ্চলসমূহত সামৰিক আইন ঘোষণা কৰিছে।
ইপিনে এই সংঘর্ষ অব্যাহত থাকিলে ৱাশ্বিংটনৰ সৈতে দেশ দুখনৰ ভৱিষ্যতৰ বাণিজ্য চুক্তিসমূহ বাতিল কৰা হ’ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সকীয়াই দিছে। তেওঁ কয়, যে এই সংঘৰ্ষৰ অৱসানৰ বিশেষ মালয়েছিয়াৰ আলোচনা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।