থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই এখন যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে। থাইলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী নাথাপন নাকপানিচ আৰু কম্বোডিয়াৰ উপ প্রধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী টিয়ে ছেইহায়ে থাইলেণ্ডৰ চানথাবুড়ী প্ৰদেশৰ সীমান্তৱৰ্তী পহৰা চকীত আজি যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰে। এখন বিশেষ বৈঠকৰ পাছত দুয়োখন দেশৰ প্ৰশাসনে এখন যৌথ বিবৃতিত প্রকাশ কৰে।

চলিত বছৰৰ জুলাইত যুদ্ধ বিৰতি ভংগ হোৱাৰ পাছত চলিত মাহৰ আৰম্ভণিতে দুয়োখন চুবুৰীয়া দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। সীমান্তৱৰ্তী অঞ্চল, বিশেষকৈ ডেংৰেক পৰ্বতমালাৰ সমীপত স্থলসেনাৰ লগতে ৰকেট আৰু বিমান আক্রমণেৰে দুয়োখন দেশ যুদ্ধত লিপ্ত হয়। আছিয়ান গোষ্ঠীয়ে যুদ্ধ পৰিহাৰ কৰি অঞ্চলটোত শান্তি স্থাপনৰ বাবে আলোচনাত বহিবলৈ থাইলেণ্ড আৰু কম্বোডিয়াক আবেদন জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।