কম্বোদিয়াৰ প্ৰাক্তন প্রধানমন্ত্রী হুন শ্বায়েনৰ সৈতে থাইলেণ্ডৰ প্ৰধানমন্ত্রী পেটঙথান চিনোৱাথৰ সৈতে ফোনযোগে হোৱা কথা বতৰাৰ এটা ফোনকল লিক হোৱাৰ পাছতে থাইলেণ্ডৰ সাংবিধানিক আদালতে থাইলেণ্ডৰ প্রধানমন্ত্ৰীজনক নিলম্বন কৰে। সংবিধানৰ অন্তৰ্গত নৈতিক মানদণ্ডৰ অৱমাননা তথা অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত ৩৬ জন চিনেটৰে আগবঢ়োৱা আবেদনৰ ভিত্তিত প্রধানমন্ত্রী পেটঙথান চিনোৱাথক নিলম্বন কৰা হৈছে। সীমান্ত সম্পৰ্কীয় ৰাজনৈতিকভাৱে সংবেদনশীল এটা বিষয়ত পূৰ্বৰ কম্বোদিয়ান নেতাজনৰ সৈতে হোৱা কথা বতৰাৰ সৈতে এই আবেদন জৰিত হৈ আছে। আবেদন পত্ৰখনৰ সপক্ষে থকা ৭ টা ভোটৰ ভিত্তিত প্রধানমন্ত্ৰীগৰাকীক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। যোৱা ২৮ মে’ তাৰিখে হোৱা সীমা সংঘৰ্ষৰ ফলত এজন কম্বোদিয়ান সৈনিকে প্রাণ হেৰুওৱাৰ পাছতে এই বিতৰ্ক আৰম্ভ হৈছিল। লিক হোৱা ফোনকলটোত পেটঙথানৰ ঘটনাটোক সহজ কৰিব বিচাৰি কৰা কূটনৈতিক প্রচেষ্টা, ৰাজহুৱা সমালোচনা আৰু নাগৰিকৰ প্ৰতিবাদ এই সকলোবোৰ সন্নিবিষ্ট হৈ আছিল। ১৫ জুনৰ এই ফোনকলটোত পেটঙথার্নে এজন থাই সেনাধ্যক্ষকক সমালোচনা কৰাৰ লগতে হুন শ্বায়েনক প্ৰশংসা কৰিছিল, যিটো দেশখনৰ নীতি বহির্ভুত আছিল। পিছত ৩৮ বছৰীয়া এই প্রধানমন্ত্ৰীগৰাকীয়ে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰি কয়, যে তেওঁৰ এই মন্তব্য ঘটনাটোক সঠিক আলোচনাৰ দিশে নিয়াৰ বাবে মাথো এটা কৌশলহে আছিল। আদালতে অন্তিম ৰায়দান নিদিয়া পর্যন্ত উপ প্রধানমন্ত্রীজনে থাইলেণ্ডৰ চৰকাৰৰ দায়িত্বত থকাৰ সম্ভাৱনা আছে।
Site Admin | July 1, 2025 7:41 PM | Thailand PM Suspended
থাইলেণ্ডৰ প্রধানমন্ত্ৰীজনক নিলম্বন থাইলেণ্ডৰ সাংবিধানিক আদালতৰ