ডাউনলোড
মোবাইল এপ

android apple
signal

ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্ছিটি বিধেয়ক ২০২৫ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন

লোকসভাই আজি ত্ৰিভুৱন চহকাৰী ইউনিভাৰ্ছিটি বিধেয়ক ২০২৫ বিবেচনা আৰু পাৰিতৰ বাবে উত্থাপন কৰে। এই বিধেয়কত গুজৰাটৰ আনন্দৰ গ্ৰাম্য ব্যৱস্থাপনা প্রতিষ্ঠানক ত্ৰিভুৱন চহকাৰী বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰতিষ্ঠানত সমবায় খণ্ডৰ কাৰিকৰী আৰু ব্যৱস্থাপনাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। চহকাৰ চে সমৃদ্ধিৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে গৱেষণাৰ জৰিয়তে গোলকীয় পৰ্যায়ত উৎকৃষ্ট প্রতিষ্ঠান হিচাপে উজ্বলি উঠিব।
আলোচনাত ভাগ লৈ কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয়, যে এই বিধেয়কে গ্রাম্য অর্থনীতি টনকিয়াল আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে ক্ষুদ্র উদ্যোগীসকলৰ বিকাশ সাধন কৰিব। তেওঁ কয়, যে এই বিধেয়কৰ জৰিয়তে সমবায় খণ্ডত উদ্ভাৱন আৰু গৱেষণা আৰু উন্নয়ন সাধন কৰিব। ইয়াৰ উপৰি আধুনিক শিক্ষাৰ জৰিয়তে দেশৰ সমবায় খণ্ডক সমৃদ্ধিশালী কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিভুৱন চহকাৰী বিশ্ববিদ্যালয়, গুজৰাটৰ আমূল কোম্পানীৰ আধাৰশিলা স্থাপন কৰা ত্ৰিভুৱন ভাই পেটেলৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে আলোচনাত অংশলৈ কংগ্ৰেছৰ জি এন থাকৰে কয়, যে গুজৰাটত সমবায় বিশ্ববিদ্যালয় স্থাপন কৰাটো এটা বিশেষ গৌৰৱৰ কথা। বিজেপিৰ মিতেশ পেটেলে কয়, যে সমবায় খণ্ডই ক্ষুদ্ৰ কৃষকসকলৰ সৱলীকৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

অধিক পঢ়ক

সকলো চাওক