ত্ৰিপুৰা দেশৰ ভিতৰতে তৃতীয়খন সম্পূৰ্ণ-সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত হৈছে। আজি আগৰতলাৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মানিক সাহাৰ উপস্থিতিত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে এই বিষয়ে সদৰি কৰে। এই সফলতা ত্ৰিপুৰাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° সাহাই মিজোৰাম আৰু গোৱাৰ পাছতে দেশৰ তৃতীয়খন সম্পূৰ্ণৰূপে সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হোৱা ত্ৰিপুৰাৰ প্ৰতিগৰাকী নাগৰিকলৈ অভিনন্দন জ্ঞাপন কৰে। শিক্ষা গ্ৰহণৰ কোনো নির্দিষ্ট বয়স বা সময় নাই বুলি মন্তব্য কৰি ড° সাহাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্য পূৰ্ণৰ দিশত সাক্ষৰতা অন্যতম চাবিকাঠি বুলি উল্লেখ কৰে।
Site Admin | June 23, 2025 8:29 PM | Akashvani | Tripura
ত্ৰিপুৰা দেশৰ ভিতৰতে তৃতীয়খন সম্পূৰ্ণ-সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত
