ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকটাত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যখনৰ শক্তিমন্ত্ৰী ৰতন লাল নাথে কয়, যে বর্তমানলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ৩৯ খন আবেদন লাভ কৰিছে। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলে এই আবেদনসমূহ পৰীক্ষা কৰি চাব আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ পৰিয়ালৰ যোগ্য ব্যক্তিক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব। বৰ্তমান ১৮ গৰাকী আবেদনকাৰীয়ে ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে মাধ্যমিক শিক্ষা, প্রাথমিক শিক্ষা, ৰাজহ, খাদ্য আৰু অসামৰিক যোগান বিভাগত নিযুক্তি লাভ কৰিছেছ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সব কা সাথ, সব কা বিকাশ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনে অনুকম্পামূলক নিযুক্তিৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
Site Admin | June 22, 2025 12:18 PM | Tripura govt
ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকটাত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ
 
		 
									 
									 
									 
									 
									